মুম্বাইৰ পূব যোগেশ্বৰীত ভয়ংকৰ দুৰ্ঘটনা

 07/06/2019 - 12:17

ডিজিটেল ডেস্কঃ মুম্বাইৰ পূব যোগেশ্বৰী উৰণীয়া সেতুত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ট্ৰাক আৰু কাৰৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন। আহত হৈছে ৫ জন।

আহতসকলক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে এজনৰ।আনহাতে আহত ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।বৰ্তমান ট্ৰাউমা কেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে আহতসকলক।

দুৰ্ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।