উত্তৰ প্ৰদেশত নাৰ্চক দলবদ্ধ ধৰ্ষণ

 07/06/2019 - 14:51

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অমৰোহা জনপদৰ কৌতৱালী এলেকাত এগৰাকী নাৰ্চক দলবদ্ধ ধৰ্ষণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনা অনুসৰি কৌতৱালী এলেকাত ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত এগৰাকী নাৰ্চক বৃহস্পতিবাৰে ৰাতি ২ মান বজাত ৬জন লোকে দলবদ্ধ ধৰ্ষণ কৰে। এই ঘটনা সংঘটিত কৰাৰ লগতে নাৰ্চগৰাকীৰ গোপন অংগত আঘাত কৰে।

এই ঘটনাৰ সম্ভেদ পোৱাৰ লগে লগে আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈ নাৰ্চগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান নাৰ্চগৰাকী সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ভুক্তভোগী নাৰ্চগৰাকীৰ ভাষ্য অনুসৰি আৰক্ষীয়ে বৰ্তমান ৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধপোচ অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।