ডিজিটেল ডেস্কঃ খিলঞ্জীয়া অধিকাৰ মৰ্চা আৰু খিলঞ্জীয়া নেচনেল এমপ্লইজ ইউনিয়নৰ তৰফৰ পৰা মহানগৰীত গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত হয়। পৰিৱেশ ৰক্ষা আৰু সংৰক্ষিত কৰাই হ’ল তেওঁলােকৰ দায়িত্ব। আজি ৰাতিপুৱা ১০ বজাত গুৱাহাটীৰ এবিচি-ৰ সমীপত খিলঞ্জীয়া অধিকাৰ মৰ্চা আৰু খিলঞ্জীয়া নেচনেল এমপ্লইজৰ ইউনিয়নে এক গছপুলি ৰোপণ অভিযান আৰম্ভ কৰে।
এই অভিযানত মৰ্চা আৰু ইউনিয়নৰ শতাধিক কৰ্মকৰ্তা উপস্থিত থাকে। লগতে স্থানীয় ৰাইজৰ বিপুল সমৰ্থনত সুচাৰুভাৱে কাৰ্যসূচী সমাপ্ত হয়। আজিৰ এই গছপুলি ৰোপণ কাৰ্যসূচীৰ ব্যাপক সফলতাই খিলঞ্জীয়া অধিকাৰ মৰ্চা আৰু খিলঞ্জীয়া নেচনেল এমপ্লইজ ইউনিয়নৰ মাজত এক নতুন উৎসাহ আৰু আগ্ৰহৰ সৃষ্টি কৰে।
খিলঞ্জীয়া অধিকাৰ মৰ্চা আৰু খিলঞ্জীয়া নেচনেল এমপ্লইজ ইউনিয়নৰ শতাধিক কাৰ্যকৰ্তাৰ জাগ্ৰত আৰু ব্যাপক কাৰ্যসূচীৰ সৰ্বাঙ্গীন সফলতাত এক গুণৰ ব্যাপক চৰ্চাৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ মাজত। যোৱা দুই বছৰৰ পৰাই খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্তকৰণৰ এখন সংগ্ৰাম সূচনা কৰি খিলঞ্জীয়া অধিকাৰ মৰ্চাই ব্যাপক হাৰত খিলঞ্জীয়াৰ অধিকাৰ জাগৰণ কাৰ্যসূচী হাতত তুলি লৈছে।