ডিজিটেল ডেস্কঃ সোমবাৰে সন্ধিয়া ৫ বজাত অৰুণাচলৰ পশ্চিম কামেং জিলাত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূৱতাে ধাৰাষাৰ বৃষ্টিপাতৰ ফলত অসমৰ বিভিন্ন এলেকা পানীৰ তলত বুৰ যায়। ডাৱৰ বিস্ফােৰণৰ ফলত অৰুণাচলত এনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। এই ভয়ংকৰ ভূমিস্খলনৰ ফলত বহু লােকৰ জনজীৱন স্তব্ধ হােৱাৰ লগতে পৰ্যটকসকলাে আৱদ্ধ হৈ পৰে।
জিলাখনত প্ৰায় ৮০০ লােকৰ জীৱনৰ ওপৰত ভাবুকি কঢ়িয়াই আনিছে এই ভূমিস্খলনে। ভূমিস্খলনৰ ফলত চেঁচা আৰু ৰূপাৰ মাজত ৬৪ কিলোমিটাৰ জােৰা পথত আৱদ্ধ হৈ আছে শতাধিক যান-বাহনৰ লগতে বহু পৰ্যটকাে। ইয়াৰ উপৰিও এই দুৰ্যােগত বিধ্বস্ত হয় কাছপি আৰু নাগমন্দিৰ সংযােগী দলঙখন। যাৰ ফলত সংযােগ বিচ্ছিন্ন হৈ পৰে দুয়ােটা এলেকাৰ মাজত।
আৱদ্ধ হৈ থকা লােকসকলক উদ্ধাৰৰ বাবে সেনা বাহিনীকে ধৰি অৰ্ধসামৰিক বাহিনীও সষ্টম হৈছে। ইতিমধ্যে দুৰ্যােগৰ ফলত দুজন লােক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। কেইবাটাও বাসগৃহৰ লগতে এটা কালভাৰ্ট আৰু এখন ৰেষ্টুৰেণ্টাে নৈৰ সােঁতত জাহ যায়।