07/10/2019 - 15:01
in
ডিজিটেল ডেস্কঃ অৰুণাচলত নেৰানেপেৰাকৈ হৈ আছে প্ৰবল বৃষ্টিপাত৷ অৰুণাচলৰ পশ্চিম কামেং জিলাত নেৰানেপেৰা বৃষ্টিপাতৰ ফলত আজিও ডাৱৰ বিস্ফোৰণ হয়৷
প্ৰচণ্ড বৃষ্টিপাতৰ ফলত ভূমিস্খলন হৈ ৰাষ্ট্ৰীয় ঘাইপথত ৬৪ কিল’মিটাৰ পথত আৱদ্ধ পৰে শ শ লোক৷ খবৰ অনুসৰি বহুলোক সন্ধানহীন হোৱাৰ লগতে ২০০ ৰো অধিক লোক আৱদ্ধ হৈ পৰে৷ আৰক্ষী প্ৰশাসনে ব্যাপক হাৰত উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে৷