আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যোগদান কৰিবলৈ ধন নাই কুংফুত স্বৰ্ণ পদক বিজয়ী হাজেৰা খাতুনৰ

 07/11/2019 - 21:04

খাৰুপেটিয়াঃ দৰঙৰ দলগাঁৱৰ এক ভিতৰুৱা গাঁও বৰকুৰৰ এগৰাকী কিশোৰীয়ে ৰাজ্যিক পৰ্যায়ত কুংফু প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ পাছত কিশোৰীগৰাকীয়ে নেপালত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যোগদানৰ বাবে বাছনি হৈছে যদিও ধনৰ অভাৱত আন্তঃৰাষ্ট্ৰীয় খেলত যোগদানৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে কিশোৰীগৰাকী৷ প্ৰাপ্ত তথ্য মতে দলগাঁও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অষ্টম শ্ৰেণীৰ ছাত্ৰী হাজেৰা খাতুন বিদ্যালয়তে আলী ৰহমানৰ তত্বাৱধানত শিকিছিল কুংফু৷

বিদ্যালয়খনৰ সহযোগিতাত যোৱা ১৯ মে’ ২০১৯ তাৰিখে গুৱাহাটী ভোগেশ্বৰী ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত নৱম সদৌ অসম জিত কোনে ডো চেম্পিয়নশ্বিপ/১৯ ত অতি সাহসেৰে খেলি স্বৰ্ণ পদক আনিবলৈ সক্ষম হোৱা হাজেৰা খাতুন অহা ২১, ২২, আৰু ২৩ জুলাইত নেপালৰ কাঠমাণ্ডোত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ নেপাল/১৯ ত যোগদানৰ বাবে বাছনি হৈছে৷ উক্ত খেলত অংশগ্ৰহণৰ বাবে যাবতীয় খৰচ নিজে বহন কৰিব লাগে যদিও হাজেৰাৰ পৰিয়াল একেবাৰে দৰিদ্ৰ হোৱাৰ বাবে উক্ত খৰচ বহন কৰিব নোৱাৰাত হাজেৰাৰ আকাশ চুবৰ মন থাকিলেও সেই সপোন ধনৰ অভাৱত কলিতে সৰি যোৱাৰ উপক্ৰম হৈছে৷

হাজেৰাৰ পৰিয়ালে সকলো জনপ্ৰতিনিধিৰ ওচৰত গৈছিল যদিও কোনেও সঁহাৰি নিদিলে৷ আমছুৰ এগৰাকী নেতাই সকলো খৰচ বহনৰ দায়িত্ব লৈ পিছলৈ গা এৰা দিয়াত পৰিয়ালটি অধিক বিমূৰত পৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিৰ দলগাঁও সমষ্টিৰ তত্বাৱধায়ক শ্বাহজামাল হকে সম্পূৰ্ণ খৰচৰ ৫০ শতাংশ বহন কৰাৰ দায়িত্বৰ কথা সাংবাদিকৰ আগত স্বীকাৰ কৰাত কিশোৰীগৰাকীয়ে কিছু সকাহ পায় যদিও বাকী খৰচখিনিৰ বাবে ৰাইজৰ সহায় বিচাৰিছে৷ যি সময়ত চৰকাৰে সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস নীতি অৱলম্বন কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই নিব বিচাৰিছে, তেনে সময়ত এগৰাকী স্বৰ্ণ পদক বিজয়ী কিশোৰীক সকলো ধৰণৰ সা-সুবিধা চৰকাৰে প্ৰদান কৰাৰ দাবী কৰে সচেতন মহলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।