এআইইউডিএফে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

 03/23/2019 - 19:25

ডিজিটেল ডেস্কঃ ২০১৯ লোকসভা নিৰ্বাচনলৈ সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে এআইইউডিএফ দল। দলটোৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে শনিবাৰে ঘোষণা কৰিলে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম৷

ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰিব দলৰ সভাপতি তথা বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে৷ বৰপেটাত বিশিষ্ট শিক্ষাবিদ ড০ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে৷ কৰিমগঞ্জ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাধেশ্যাম বিশ্বাসক৷

এতিয়াও বাকী আছে আন ৫টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ৷ জানিব পৰা মতে শীঘ্ৰে ঘোষণা কৰা হ’ব শিলচৰ, নগাঁও, কলিয়াবৰ, মঙলদৈ আৰু তেজপুৰৰ প্ৰাৰ্থীৰ নাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।