উত্তৰ গুৱাহাটীঃ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটী ঘোৰামাৰাৰ ভাৰতীয়া ঘৰত এগৰাকী এঘাৰ বছৰীয়া শিশু যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে কোকৰাঝাৰৰ জামালুদ্দিন হুছেইন(২৬) নামৰ লম্পটে ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুটিক চলাই আহিছিল যৌন নিৰ্যাতন।
নিৰ্যাতিতা শিশুটিয়ে মাকক সকলো বিৱৰি কোৱাৰ পাছত মাতৃয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানাত জামালুদ্দিন হুছেইনৰ বিৰুদ্ধে এক গোচৰ তৰে। ৯৩/১৯, ইউ এছ ৮ POCSO ৰ অধীনত দিয়া গোচৰ মৰ্মে উত্তৰ গুৱাহাটী আৰক্ষীয়ে দেওবাৰে নিশা দিহিং সত্ৰৰ ভাৰাতীয়া ঘৰৰ পৰা অভিযুক্ত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। ইফালে এক অসাধু চক্ৰই ধনৰ বিনিময়ত তদন্ত স্তব্ধ কৰাৰ বাবে উঠি পৰি লাগে যদিও উত্তৰ গুৱাহাটী আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত ক্ষিপ্ৰ কৰিছে।