বাক্সাঃ বিগত ২০০৭ চনৰপৰা প্ৰতিবছৰে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অহা বেঁকী নৈয়ে এইবাৰো যেন কালৰূপ ধাৰণ কৰিছে বাক্সাৰ ভিন্ন প্ৰান্তত৷ কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ অস্বাভাৱিকভাবে বৃদ্ধি পোৱাৰ লগতে নৈপৰীয়া বহু কেইখন গাঁৱত সৃষ্টি হৈছে তীব্ৰ গৰাখহনীয়া৷
এইটো বৰ্ষতে বেঁকী নৈৰ বুকুত গৰাখহনীয়াৰ ফলত জাহ গৈছে শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়ণগুৰি, চূণবাৰী, খাগ্ৰাবাৰী, কালপানী, বিশপানী, এলেঙামাৰী, গোৱৰ্দ্ধনা, ছাফাকামাৰ আদি বহুকেইখন গাঁৱৰ ৫০ টাতকৈ অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ৷ লগতে প্ৰায় পাঁচশ বিঘা খেতিমাটি সম্পূৰ্ণভাবে জাহ গৈছে নৈৰ বুকুত৷
তৎস্বত্বেও চৰকাৰৰ সুদৃষ্টি নপৰা উল্লিখিত গাঁৱসমূহত আছু, আছা, এবিএমছু, আক্ৰাছু আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া নামৰ ছাত্ৰ সংগঠন কেইটাৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰে গৰাখহনীয়া অঞ্চল৷ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি ছাত্ৰ সংগঠন কেইটাই চৰকাৰক অচিৰেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷