বিজয়ী নহ’ব পাৰো কিন্তু অভিলেখ গঢ়াত আমিয়েই আগত!

 07/17/2019 - 13:54

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯ত যদিও ভাৰতে ছেমি ফাইনেলতে যাত্ৰা সামৰিলে তথাপিও কিন্তু ভাৰতে এনে কিছুমান অভিলেখ গঢ়িলে যাৰ জৰিয়তে ভাৰত জিলিকি উঠিল ক্ৰিকেটৰ পৃথিৱীত। এক অৰ্থত ক’ব পাৰি হাৰি হাৰিও জিকিল ভাৰত।

প্ৰথমেই নাম ল’ব লাগিব ভাৰতীয় অপেনাৰ বেটছমেন ৰোহিত শৰ্মাৰ। ২০১৯ৰ বিশ্বকাপ ক্ৰিকেটত ৫ টাকৈ চেঞ্চুৰী কোবাই চমক সৃষ্টি কৰিছিল ৰোহিতে।

ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে এইবাৰৰ বিশ্বকাপ ক্ৰিকেটত একেৰাহে ৫ টাকৈ হাফ চেঞ্চুৰী কৰিছিল। একেৰাহে এনেদৰে হাফ চেঞ্চুৰী কোবোৱা বিৰাট কোহলীয়েই হ’ল বিশ্বকাপ ক্ৰিকেট ইতিহাসৰ প্ৰথমজন অধিনায়ক।

বিধ্বংসী বলাৰ যশপ্ৰীত বুমৰাহে ছেমি ফাইনেল পৰ্যন্ত ৯ টা মেডেন অভাৰ কৰি বিশ্বকাপ ক্ৰিকেটত গঢ়িলে অনন্য অভিলেখ।

বেগী বলাৰ মহম্মদ ছামীয়ে আফগানিস্তানৰ বিৰুদ্ধে অৰ্জন কৰিলে হেট্ৰিক। ১২ সংখ্যক বিশ্বকাপ ক্ৰিকেটত একমাত্ৰ মহম্মদ ছামীয়েহে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।

অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ৭৭ ৰান কৰে। ২০১৯ৰ বিশ্বকাপত ৮ নম্বৰত বেটিং কৰিবলৈ অহা আটাইকেইটা দলৰ কোনো বেটছমেনেই এনেকুৱা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।