গুৱাহাটীত উত্তৰ পুৰুষৰ মঞ্চৰ বাৰ্ষিক অধিৱেশনত মাহেকীয়া আলোচনী 'জোনাক'ৰ বিশেষ সংখ্যা উন্মোচন

 07/18/2019 - 20:06

উত্তৰ গুৱাহাটীঃ সাহিত্য-সংস্কৃতিমূলক মাহেকীয়া আলোচনী 'জোনাক' ইতিমধ্যে সংখ্যাৰ জোখাৰে বাৰ বছৰ নিৰৱচ্ছিন্নভাৱে প্ৰকাশ পাই আহিছে। 'আমাক হেজাৰ খন হাত লাগে, যাৰ মন এটাই' শীৰ্ষক আপ্তবাক্যৰে জনমানসত বহুখিনি জনহিতাৰ্থে কাম কৰি অহা সংস্থা 'উত্তৰ পুৰুষৰ মঞ্চ'ৰ কৰ্মকুশলতাক আলাপ কৰি, মঞ্চৰ সদস্য - সদস্যা সকলৰ লেখনিক লৈ 'জোনাক'ৰ জুলাই সংখ্যাটো বিশেষভাৱে দুদিনমান পূৰ্বে ৰূপনগৰস্থিত মুক্তিযুঁজাৰু ভৱনৰ প্ৰেক্ষাগৃহত উত্তৰ পুৰুষৰ মঞ্চৰ তৃতীয় আৰু চতুৰ্থ বাৰ্ষিক অধিবেশনত শুভ উন্মোচন কৰা হয়।

উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অক্লান্ত উত্তৰ পুৰুষ বঁটা প্ৰাপক, বিজয়িনীৰ স্ৰষ্টা জুলী বৰুৱাই 'জোনাক'ৰ জুলাই সংখ্যাটো উন্মোচন কৰে। উন্মোচনী ভাষণত তেখেতে কয় যে ' মোৰ বুকুৰ প্ৰিয়তম শব্দ জোনাকৰ আলোকৰে বহুখিনি পঢ়ুৱৈয়ে উপকৃত হৈ আহিছে, এনেকুৱা গঠনমূলক কামত সকলোৱে সহায়-সহযোগ অন্ত:কৰণেৰে কৰিব লাগে, অদূৰ ভৱিষ্যতত মঞ্চ পৰিয়ালে আলোচনী খনক অন্যতম মুখপত্ৰও কৰি ল'ব পাৰে।' উত্তৰ পুৰুষৰ মঞ্চতৰ মুখ্য সম্পাদক দিবাকৰ ৰেণুৱে বেটুপাত অংকন কৰা, 'জোনাক'ৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই সম্পাদনা কৰা আৰু 'বিন্দু' আলোচনীৰ সম্পাদক কমল কুমাৰে প্ৰচাৰৰ ব্যৱস্থাপনা কৰা 'জোনাক'ৰ উন্মোচনী অনুষ্ঠানত শতাধিক লোক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰি পৰিবেশ মুখৰ কৰি তোলে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।