লোকসভাত মানৱ অধিকাৰ সংৰক্ষনৰ বিল উত্থাপন কৰিব অমিত শ্বাহে

 07/19/2019 - 15:26

ডিজিটেল ডেস্কঃ লোকসভাত আজি মানৱ অধিকাৰ সংশোধন বিধেয়কখন উত্থাপিত কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে মানৱ অধিকাৰ সংৰক্ষনৰ লগত জড়িত বিলসমূহ উত্থাপিত কৰিব বুলি জানিব পৰা গৈছে। শুকুৰবাৰ হোৱা বাবে আজি সংসদৰ দুখন সদনতে বেচৰকাৰী কাম-কাজ কৰা হ'ব। লগতে বহু কেইজন ব্যক্তিগত সদস্যৰ বিল সদনত উত্থাপিত কৰা হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।