কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ সম্ভাৱনা নাই কেন্দ্ৰীয় চৰকাৰৰ

 07/19/2019 - 15:29

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ সম্ভাৱনা নস্যাৎ কৰিছে কেন্দ্ৰীয় চৰকাৰে| কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত পৰিসংখ্যা আৰু পৰিকল্পনা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ কোনো পৰিকল্পনা নাই বুলি কয়।

উল্লেখযোগ্য যে কেইবাবছৰো ধৰি বিশেষ ৰাজ্যৰ মৰ্যাদা ভোগ কৰি অহা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ এই মৰ্যাদা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰখনে কৰ্তন কৰে। আনহাতে উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অন্ধ্ৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগই কেন্দ্ৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।