অসমলৈ ২ কোটি টকাৰ বান সাহায্য অক্ষয় কুমাৰৰ

 07/19/2019 - 18:20

ডিজিটেল ডেস্কঃ তাৰকা কেৱল ছবিজগতৰেই নহয় এজন বাস্তৱ জগতৰ তাৰকা। যি জনে দুৰ্যোগত এমুঠি অন্ন-বস্ত্ৰৰ যোগাৰ দিব পাৰে। তেওঁ অন্য কোনো নহয় আমাৰ সকলোৰে মৰমৰ বলীউড অভিনেতা অক্ষয় কুমাৰ। শেহতীয়াকৈ অসমৰ বানাক্ৰান্ত আৰু কাজিৰঙাৰ বাবে বলীউড অভিনেতা অক্ষয় কুমাৰে আগবঢাইছে ২ কোটি টকাৰ সাহায্য।

তাৰ বিপৰীতে দেখা পোৱা গৈছে অন্য বহু বলীউড অভিনেতাই সামাজিক মাধ্যম টুইটাৰ যোগে দুখ প্ৰকাশ কৰিছে আৰু আহ্বান জনাইছে সাহায্য প্ৰদান কৰিবলৈ। কিন্তু নিজে আগবাঢি অহা নাই। প্ৰিয়ংকা চোপ্ৰা, জন আব্ৰাহামকে ধৰি বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে টুইটাৰ যোগে দুখ প্ৰকাশ কৰিছে। কেৱল অক্ষয় কুমাৰেহে অসমৰ বানাক্ৰান্তলৈ আৰ্থিক সাহায্য আগবঢাইছে। আচলতে ছবিৰ লগতে বাস্তৱৰো তাৰকা অক্ষয় কুমাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।