ধৰ্ণাত বহিল প্ৰিয়ংকা গান্ধীৰ, কিন্তু কিয়?

 07/19/2019 - 19:17

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সোণভদ্ৰৰ দেশ কঁপোৱা নৰসংহাৰৰ প্ৰতিবাদত ধৰ্ণাত বহিল প্ৰিয়ংকা গান্ধী৷ ভূমি বিবাদৰ ফলত সংঘটিত হোৱা এই ভয়ংকৰ হত্যাকাণ্ডক লৈ বৰ্তমান উত্তাল উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ ক্ষেত্ৰও৷ এই বিবাদৰ বিৰোধিতা কৰাৰ বাবে আজি উত্তৰ প্ৰদেশত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী৷ ১৭ জুলাইত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছিল ১০ জন লোক৷

৯০ বিঘা মাটিক কেন্দ্ৰ কৰি এই বিবাদৰ সৃষ্টি হৈছিল৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এই সংঘৰ্ষত মৃত্যু হোৱা লোকসকলৰ খবৰ ল’বলৈ আজি উত্তৰ প্ৰদেশত উপস্থিত হৈছিল যদিও মাজ বাটতে প্ৰিয়ংকাক বাধা দিলে আৰক্ষীয়ে৷ সেয়েহে হত্যাকাণ্ডৰ প্ৰতিবাদত ৰাজপথতে ধৰ্ণাত বহে প্ৰিয়ংকা গান্ধীয়ে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই কাণ্ডৰ লগত জড়িত ২৯ জনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।