আকৌ ভূমিকম্প

 07/20/2019 - 12:43

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিনৰ ২.৫৩ বজাত অহা  ভূমিকম্পই সমগ্ৰ ৰাজ্যক জোকাৰি যোৱাৰ পাছত আকৌ শনিবাৰে পুৱা ৪.২৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ২৪ ঘণ্টাৰ ভিতৰত চতুৰ্থটো ভূমিকম্প উত্তৰ-পূৰ্বাঞ্চলত।

এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে অৰুণাচল প্ৰদেশৰ ব’মডিলা। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৫। ভূমিকম্পৰ ফলত কোনো লোক হতাহতি হোৱাৰ খবৰ বাতৰি লিখা পৰলৈকে পোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।