জোনবাইৰ দেশলৈ চন্দ্ৰযান–২

 07/22/2019 - 17:00

ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰি ISRO–এ উৎক্ষেপণ কৰিলে চন্দ্ৰযান–২। দুপৰীয়া ২.৪৩ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ল চন্দ্ৰযান–২। ৭ ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰিব মহাকাশ যান। উৎক্ষেপণৰ ১৬.২০ মিনিটত বাহুবলী ৰকেটৰ পৰা বিচ্ছিন্ন হ’ল চন্দ্ৰযান–২। চন্দ্ৰযান–২ৰ এই অভিযানত ব্যয় কৰা হৈছে ৯৭৮ কোটি টকা।

২.৪ টন ওজনৰ GSLV Mk III ৰকেটে কঢ়িয়াই নিছে চন্দ্ৰযান ২ মহাকাশ যানখন। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰযান ২–এ চন্দ্ৰত পানীৰ অৱস্থিতি সন্দৰ্ভত পৰীক্ষা–নিৰীক্ষা চলাব। এই অভিযান সফল হ’লে চন্দ্ৰত মহাকাশ যান অৱতৰণ কৰোৱা চতুৰ্থখন দেশ হ’ব ভাৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।