সুখবৰঃ ব্যক্তিগত প্ৰতিষ্ঠানত ২৪ হাজাৰতকৈ কম দৰমহা দিলে ল’ব পাৰিব আইনৰ সহায়

 07/25/2019 - 12:28

ডিজিটেল ডেস্কঃ  মোদী চৰকাৰৰ নতুন নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীয়ে মাহিলী নূন্যতম দৰমহা ২৪ হাজাৰ টকা লাভ কৰিব। যদি কোনো প্ৰতিষ্ঠানে কৰ্মচাৰীক এই সুবিধাৰ পৰা বঞ্চিত কৰে তেন্তে কোম্পানীটোৰ বিৰুদ্ধে কৰ্মচাৰীয়ে আইনৰ সহায় ল’ব পাৰিব।

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে কৰ্মচাৰীক তেওঁলোকৰ কৰ্মৰ বাবদ নূন্যতম দৰমহা দিয়াটো আৱশ্যক বুলি উল্লেখ কৰে। বুধবাৰে লোকসভাত মন্ত্ৰীজনে কয় যে ২০১৭ চনত মোদী চৰকাৰে নূুন্যতম বেতন আইন সংশোধন কৰিছিল। এতিয়া নূন্যতম মজুৰি ৪০ শতাংশ বৃদ্ধি কৰা হ’ল। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।