বেলতলাত ৱান ষ্টপ চেণ্টাৰ সখীৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন

 07/26/2019 - 20:13

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে শুকুৰবাৰে গুৱাহাটীৰ বেলতলাত জিলা সমাজ কল্যাণ বিভাগৰ অধীনত স্থাপন কৰিবলৈ লোৱা ৱান ষ্টপ চেণ্টাৰ সখীৰ স্থায়ী ভৱনৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে বেলতলাৰ সমাজ কল্যাণ বিভাগৰ আৱাসিক এলেকাত আয়োজিত এক সভাত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত পেগুৱে কয়, সখী কেন্দ্ৰৰ জৰিয়তে সমাজ কল্যাণ বিভাগে সমাজত বিভিন্ন ক্ষেত্ৰত নিৰ্যাতনৰ সন্মুখীন হোৱা নাৰী সকললৈ বিভন্ন ধৰণে সেৱা আগবঢ়াই আহিছে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিভাগটোৱে ৰূপায়ন কৰি বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে।

উক্ত সভাত কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে কামৰূপ মহানগৰ জিলাৰ শিশু উন্নয়ন বিষয়া মুখ্য সেৱিকাসকল, পোষণ অভিযান আৰু প্ৰধান মন্ত্ৰীৰ মাতৃ বন্দনা যোজনাৰ কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।