বৰপেটাঃ ৰাজ্যত হোৱা ভয়ংকৰ বানপানীৰ ফলত নিজৰ সৰ্বস্ব হেৰুৱাই অস্থায়ী শিবিৰত বাস কৰা লোকসকলৰ মাজত দেখা দিয়া খাদ্য সংকটে সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ বিভিন্ন দল সংগঠনৰ লগতে উত্তৰ বৰপেটাৰ স্বেচ্ছাসেৱী সংগঠন ‘টিম হিউমেনিটি বৰপেটা শাখা তথা মাল্টিপল একচন এণ্ড ৰিচাৰ্জ গ্ৰুপ (মাৰ্গ)’য়ে উত্তৰ বৰপেটা মহাবিদ্যালয়ৰ বানাক্ৰান্ত শিবিৰত থকা লোকসকলৰ মাজত চিকিৎসা শিবিৰৰ আয়োজন কৰে।
শিবিৰটোত থকা প্ৰায় তিনিশ পৰিয়ালৰ পুৰুষ মহিলা বয়োজেষ্ঠ লোক তথা শিশু সকলক চিকিৎসা প্ৰদান কৰা হয়। চিকিৎসা শিবিৰৰ উক্ত কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠন টিম হিউমেনিটি বৰপেটা শাখাৰ টিম লিডাৰ মনচুৰ তালুকদাৰ তথা মাল্টিপল একচন এণ্ড ৰিচাৰ্জ গ্ৰুপৰ সভাপতি শ্বৰিফুল আহমেদ, সম্পাদক ৰবিউল হকৰ লগতে বিশিষ্ট চিকিৎসক কমল কৃষ্ণ দাস, ইন্টাৰনী ডাঃ ক্ৰমে সুজিৎ দাস, মহম্মদ আহমেদ সহযোগী হিচাপে চিনাকী মেডিকজৰ স্বত্তাধিকাৰী শ্বৰিফ আহমেদ আৰু নাৰ্চ হিচাপে পাৰবিন চুলতানা, ৰেহেনাছ পাৰবিনে সহযোগিতা আগবঢ়ায়।