সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ১নং টেঙানীৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মুকুল শইকীয়া। সংগীতৰ প্ৰতি দুৰ্বাৰ হেঁপাহ। কৃষি কৰ্মৰ যোগেদি আৰ্জিত ধনেৰ নিৰ্মাণ কৰি গৈছে বিহু গীত, আধুনিক গীতৰ অডিঅ' কেছেট। পঙ্কজ বৰাৰ পৰিচালনাত মুক্তি লাভ কৰা মইনাৰ সঁজাতি নামৰ বিহু গীতত কণ্ঠদান কৰাৰ উপৰি পঙ্কজ বৰাৰ কথা, সুৰ আৰু সংগীতেৰে নিজৰ দ্বাৰা পৰিচালিত, নীলা চৰাই নামৰ বিহু গীতৰ কেছেটতো কণ্ঠ নিগৰাইছিল মুকুলে।
অসমৰ বিদেশী সমস্যাক লৈ স্বজাতি নামৰ এটি দেশপ্রেমমূলক গীততো কণ্ঠদান কৰিছে। শেহতীয়াকৈ গাঁঠিৰ ধন ভাঙি "নামৰ মহিমা" নামৰ ভক্তিমূলক টোকাৰী গীতৰ অডিঅ' ৰাইজৰ বাবে মুকলি কৰি দিছে। বৰপথাৰস্থিত গড়কাপ্টানি বিভাগৰ পৰিদর্শন বাংলাত শেহতীয়াকৈ "নামৰ মহিমা" নামৰ ভক্তিমূলক টোকাৰী গীতৰ অডিঅ' মুকলি কৰিছে। মুকুল শইকীয়াই গানৰ সাধনাৰ বাবে প্ৰতি দিনেই পিতৃ-মাতৃৰ সৈতে কৃষি কাৰ্যত নিয়োজিত হৈ তাৰ পৰা হোৱা উপাৰ্জনেৰে বিভিন্ন গীত বনাই আহিছে।