হামৰেণ জেলৰ পৰা দুজন কয়দী পলায়ন

 07/28/2019 - 15:18

হামৰেণঃ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণস্থিত একমাত্ৰ জিলা কাৰাগাৰৰ পৰা দুজনকৈ কয়দীৰ পলায়নে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে জিলাখনৰ লগতে অসম আৰক্ষীৰ বিফলতাৰ স্বৰূপটো উদঙাই দিছে৷ কাৰাগাৰটোৰ জে’লৰ দায়িত্বত থকা ধ্ৰুৱজ্যোতি বৰুৱাৰ অসাৱধানতাৰ বাবে অতুল দেউৰী আৰু ছাৰছিং ৰংপি নামৰ দুগৰাকী কয়দীয়ে কাৰাগাৰৰ ওখ দেৱালেৰে ৰঙা গামোছা ব্যৱহাৰ কৰি পাৰ হৈ পলায়ন কৰে৷

উল্লেখ্য যে অপহৰণ কাণ্ডত জড়িত অতুল দেউৰী আৰু ধন দাবীৰ গোচৰত অভিযুক্ত চাৰছিং ৰংপী দুয়োটা অপৰাধী বৈঠালাংছ' আৰক্ষীৰ গোচৰত অভিযুক্ত। বৰ্তমান আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্তই সমগ্ৰ ঘটনাৰ পৰ্য্যবেক্ষন কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে কয়দী দুজনে চি চি কেমেৰা ঢুকি নোপোৱা কিছু অংশৰ ছায়াৰ সুযোগ লৈয়েই ওখ ওৱালেৰে পাৰ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।