বিহালীত কাজিৰঙাৰ পৰা ওলাই অহা পহু নিধনঃ ৫জনক গ্ৰেপ্তাৰ

 07/28/2019 - 16:52

বিহালীঃ ৰাজ্যৰ প্ৰলয়ংকাৰী বানৰ কৱলত পৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুবোৰে ওখ ঠাই আৰু নিৰাপদ স্থান বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰিছে। তাৰে সুযোগ গ্ৰহণ কৰি একাংশ দুস্কৃতিকাৰীয়ে হৰিণ, গাহৰি, শহা আদি বিভিন্ন প্ৰাণী নিধন কৰি আহিছে। ঠিক তেনে এক অনুৰূপ ঘটনা শনিবাৰে সংঘটিত হয় বিহালী সমষ্টিৰ কাছমাৰীত।

কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটি পহু গাঁওখনৰ একাংশই হত্যা কৰি ভগাই লয়। এই খবৰ পাই বিহালী আৰক্ষী, বৰগাং বনাঞ্চলিক বিষয়া চিকন্দৰ আলিৰ সহযোগত আৰু বন বিভাগৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ মঙহ কটা গঢ়, কেঁচা তেজ আদি প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াক সোধ-পোচ কৰি ৫ জন লোকক পহু মঙহৰ সৈতে গ্ৰেপ্তাৰ কৰে।

বন বিভাগৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজন হ'ল সুনীল ওৰাং, যোগেশ তছা, বিকেশ্বৰ বাউৰী, ফাগু বিৰজা, নিৰ্মল খেৰোৱাৰ। এওঁলোকৰ ঘৰ কাছমাৰীতে বুলি জানিব পৰা গৈছে। পহু চিকাৰত জড়িত বহুকেইজন ব্যক্তি বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।