গুৱাহাটী প্ৰেছ ক্লাৱত ড০ অজন্তা দাসৰ গ্ৰন্থ উন্মোচন

 07/28/2019 - 18:01

গুৱাহাটীঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন গাম্ভীৰ্য্যপূৰ্ণ সভাত ড০ অজন্তা দাসৰ 'ভূপেন হাজৰিকা গীতি-সাহিত্যত নাৰী’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনি অনুষ্ঠানিকভাৱে উন্মোচন কৰে সাংবাদিক, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে। সভাত অসম চৰকাৰৰ অতিৰিক্ত মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক অৰূপ জ্যােতি চৌধৰী আৰু বিশিষ্ট আলোচক অধ্যাপক প্ৰদীপ জ্যোতি মহন্ত সন্মানিত অতিথি ৰূপে উপস্থিত থাকি তেওঁলোকৰ বক্তব্য দাঙি ধৰি সভাৰ সৌষ্ঠৱ বঢ়ায়৷ সভাত আৰু ভালেমান বিশিষ্ট ব্যক্তি, স্বনামধন্য লেখক আৰু সাংবাদিক উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।