প্ৰিয়ংকা চোপ্ৰা ভাল পত্নী নহয় !

 03/28/2019 - 13:55

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সবাতোকৈ চৰ্চিত যুটিটো হ’ল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাচৰ যুটি। তেওঁলোকৰ মৰম ৰোমাঞ্চৰে ভৰা ফটোবোৰেও ছ’ছিয়েল মিডিয়াতো খলকনি তোলে। এখন সুখৰ সংসাৰ ৰচনাত সম্প্ৰতি ব্যস্ত দুয়ো। কিন্তু হঠাতে শুনিবলৈ পোৱা গ’ল প্ৰিয়ংকা চোপ্ৰা হেনো ভাল পত্নী নহয়। এই কথা পিছে আনে কোৱা কথা নহয়, খোদ প্ৰিয়ংকা চোপ্ৰাই নিজে কোৱা কথা।

বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকী অভিনয় জগতত শক্তিশালী ৰূপত দপদপাই থাকিলেও পাকঘৰত হেনো একেবাৰে দুৰ্বল। মানে প্ৰিয়ংকাই ৰন্ধন প্ৰকৰণৰ কাম একোৱেই নাজানে। এগৰাকী নাৰী যিমানেই যি কামত পাৰ্গত নহওক কিয় ৰন্ধনৰ কাম জনাতো উচিত বুলিও মত ব্যক্ত কৰে প্ৰিয়ংকা চোপ্ৰাই। যেতিয়া নিকে প্ৰিয়ংকাক বিয়াৰ প্ৰস্তাৱ দিছিল তেতিয়াই তেওঁ নিকক সাৱধানবাণী শুনাইছিল এনেদৰে- ''মই তেওঁক কৈছিলো যে, তোমাৰ মায়ে বহুত ভালকৈ খাদ্য প্ৰস্তুত কৰিব জানে। কিন্তু তুমি তেনেকুৱা পত্নী হিচাপে মোক নাপাবা। কাৰণ মই ৰন্ধন-প্ৰকৰণৰ একোৱেই নাজানো।’’

লগতে তেওঁ কয়- ''মই যেতিয়া নিকক কওঁ মই ৰান্ধনিঘৰৰ কাম নজনাৰ কথা, তেতিয়া নিকেও কয় যে হ’ব দিয়া কোনো কথা নাই, সেই কাম কৰিবলৈতো ময়ো নাজানো।'' ৩৬ বৰ্ষীয় প্ৰিয়ংকা চোপ্ৰাই জানে কেৱল কণীৰ অ’মলেট বনাবলৈ! মানুহে প্ৰিয়ংকা-নিকৰ কথা শুনি মন্তব্য কৰিছে, প্ৰিয়ংকাৰ ভাগ্য বৰ ভাল দেই। বয়সত বহু সৰু হ’লেও বৰ বুজনশীল স্বামী লাভ কৰিলে বলীউদৰ মহাৰাণীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।