পানী ক্ৰমান্বয়ে কমিলেও ঘৰলৈ উভতি যাব পৰা নাই কাদঙ-ৰছুলপুৰৰ বহু পৰিয়াল

 07/29/2019 - 14:20

জনীয়াঃ পানী ক্ৰমান্বয়ে কমিব ধৰিছে যদিও এতিয়াও বহু পৰিয়াল নিজ ঘৰলৈ উভতি যাব পৰা নাই। এনে এক কৰুণ দৃশ্য দৃষ্টিগোচৰ হ’ল কাদং হাইস্কুলত। শেহতীয়া বানত আক্ৰান্ত হৈ বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাদং, মহম্মদপুৰ, ৰছুলপুৰ, ইছলামপুৰ, কালামপুৰ, টাপাজুলি, ৰুপাকুছি আদি কেবাখনো গাঁৱৰ প্ৰায় ৯০ টা পৰিয়াল আহি বৰপেটাৰ কাদং হাইস্কুলত আশ্ৰয় লয়।

অহা ১ আগষ্টত বিদ্যালয়খন খোলা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় এৰি দিবলৈ বাধ্য যদিও ঘৰলৈ গৈ ক’ত থাকিব এই লৈয়ো সমস্যাত পৰিছে বানাক্ৰান্ত। কাৰণ বহুতৰে ঘৰত এতিয়াও একাঁঠুলৈকে পানী। যাৰ বাবে প্ৰায় ১০ টা পৰিয়াল এতিয়াও কাদং হাইস্কুলত আশ্ৰয় লৈ আছে। এনেদৰে নানা সমস্যাত দিন অতিবাহিত কৰা বানাক্ৰান্ত লোকৰ কথা ভাবিবলৈ জিলা প্ৰশাসন তথা চৰকাৰৰ আহৰি হ’বনে বুলি সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।