আন্তঃৰাষ্ট্ৰীয় মেচত স্বৰ্ণপদক জয় ঢেকিয়াজুলীৰ যমুনা বড়োৰ

 07/29/2019 - 14:31

ঢেকিয়াজুলীঃ আন্তঃৰাষ্ট্ৰীয় মেচত স্বৰ্ণপদক জয় বক্সাৰ যমুনা বড়োৰ, অসম কন্যাৰ সাফল্যক লৈ উত্‍ফুল্লিত ৰাজ্য যমুনা বড়োৰ সাফল্যক লৈ জন্মভূমি ঢেকিয়াজুলীত আনন্দৰ লহৰ। দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ সাফল্যক লৈ উৎফুল্লিত চুবুৰীয়া। ইণ্ডেনেছিয়াত চলি থকা প্ৰেছিডেণ্টছ কাপৰ পৰা মণিপুৰৰ মেৰীকমৰ পিছতে আন এক গৌৰৱ তথা সুখবৰ কঢ়িয়াই আনিছে অসম কন্যা যমুনা বড়োয়ে। ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপত অসম কন্যা যমুনা বড়োৱে স্বৰ্ণ পদক অৰ্জন কৰি অসম তথা দেশবাসীক গৌৰৱান্বিত কৰিছে।

শাক–পাচলি বেচি পৰিয়ালৰ জীৱন নিৰ্বাহ কৰা মাতৃ নিৰ্মলা বড়োৰ সন্তান যমুনা বড়োৰ যাত্ৰাই শিৰোনাম দখল কৰিছিল ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ। উল্লেখযোগ্য যে এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়া অ’পেনত স্বৰ্ণ পদক অৰ্জন কৰা যমুনাই দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত ইটালীৰ জিউলিয়া লামাগনাক পৰাস্ত কৰি সোণৰ পদক দখল কৰে।

৫৪ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যমুনাই মেচখনত বিপক্ষৰ বক্সাৰ গৰাকীক পইণ্ট সংগ্ৰহৰ বাবে কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে। তেওঁ মেচখন ৫-০ৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয়। আনহাতে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ধাৰাবাহিকতাৰে সফলতা অৰ্জন কৰা যমুনা বড়োৰ এই সফলতাত অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ লগতে তেওঁৰ জন্মস্থান ঢেকিয়াজুলিত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।