07/29/2019 - 15:13
in
নাজিৰাঃ শিৱসাগৰ জিলাৰ হাঁহচৰাৰ ভাধৰা নিগমত দৰিকা নদীত আজি পুৱাই পানীত পৰি থকা অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় | ব্যক্তিজনৰ নাম দুৰ্গেশ্বৰ আৰন্ধৰা| দুৰ্গেশ্বৰ আৰন্ধৰা ২৭ তাৰিখৰ পৰা নিশা ৯মান বজাৰ পৰাই সন্ধানহীন হৈ আছিল। মৃত দুগেশ্বৰ আৰন্ধৰাই খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰত চকীদাৰ কৰি নিজৰ পৰিয়াল পোহপাল দিছিল।
মৃত দুৰ্গেশ্বৰ আৰন্ধৰাৰ বয়স আছিল ৬৫বছৰ। পুৱাই স্থানীয় ব্যক্তিয়ে তেওঁ মৃতদেহ দৰিকা নদীত প্ৰত্যক্ষ কৰি এই সম্পৰ্কে স্থানীয় চেৰেকাপাৰ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ আৰক্ষী চকীলৈ নিয়ে। আৰক্ষী তদন্তৰ পিছতহে দুৰ্গেশ্বৰ আৰন্ধৰাৰ মৃত্যু আত্মহত্যা নে হত্যা সেইবিষয়ে পোহৰলৈ আহিব।