গোলকগঞ্জৰ মটেৰঝাৰ মহত্মা গান্ধী মডেল হাস্পতালত নাই পৰ্যাপ্ত চিকিৎসকঃ গুৰুত্ব নাই বিভাগৰ

 07/30/2019 - 16:01

গোলকগঞ্জঃ অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক ঢোল বজালেও বাস্তৱত চিকিৎসা ক্ষেত্ৰত ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়। একেই অবস্থা মটেৰঝাৰ মহত্মা গান্ধী মডেল চিকিৎসালয়ৰ। চিকিৎসালয়খনত বিশেষজ্ঞ চিকিৎসক, প্ৰসূতি বিভাগৰ চিকিৎসক, চকু চিকিৎসক, শিশু চিকিৎসককে ধৰি অতি কমেও দহ জন চিকিৎসক থাকিব লাগে যদিও বৰ্তমানে চিকিৎসালয়ত ডঃ হামিদা চৌধুৰী আৰু ডঃ জে এম ৰিকি আহমেদ নামৰ দুগৰাকী চিকিৎসকহে চিকিৎসালয়খনত নিয়োজিত হৈ আছে।

প্ৰতিদিনে চিকিৎসালখনত ডেৰ পৰা দুই শতাধিক ৰোগী চিকিৎসাৰ কাৰণে আহে। একেৰাহে হৈ যোৱা দুটাকৈ বান পানীৰ পিছত বিভিন্ন অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আদৰ্শ চিকিৎসালয়খনত। কিন্তু মাত্ৰ দুজন চিকিৎসকে ইমান সংখ্যাক ৰোগীক উপযুক্ত চিকিৎসা প্ৰদানত ব্যাৰ্থ হৈছে। নিয়ম অনুযায়ী চিকিৎসালয়খনৰ জৰিয়তে সপ্তাহৰ সাত দিনে দিনে নিশাই চিকিৎসা সেৱা প্ৰদান কৰিব লাগে। কিন্তু অভিযোগ মতে চিকিৎসালয়খনৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী উপস্থিত নহয় দহ/এঘাৰ বজাৰ পূৰ্বে।

আনহাতে অভিযোগ মতে দিনৰ এটা বজাৰ পিছত চিকিৎসালয়ত নাথাকে কোনো চিকিৎসক চিকিৎসাকৰ্মী। সেয়ে ৰাইজে মাহৰ পিছত মাহ ধৰি চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে। চিকিৎসালয়খনত চিকিৎসকৰ বাবে থকাৰ আবাস আছে যদিও আবাসত নাথাকে চিকিৎসক। ৰাইজে শীঘ্ৰেই পৰ্যাপ্ত চিকিৎসক চিকিৎসাকৰ্মী চিকিৎসালয়খনত নিয়োজিত কৰি ২৪ ঘণ্টাই চিকিৎসা সেৱা প্ৰদানৰ ব্যাৱস্থা কৰাৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।