গোৰেশ্বৰত শুকান পলসৰ পথাৰত কৃষকৰ সোণোৱালী সপোন

 07/31/2019 - 16:25

গোৰেশ্বৰঃ বানে ধোৱা পথাৰত কৃষকৰ হাহাকাৰ। বানৰ পিছত শুকাইছে শাওণৰ পথাৰ। পলসৰ তলত গোৰেশ্বৰৰ পশ্চিম নাওকাটাৰ কৃষিভূমি। এতিয়া মুৰে কপালে হাত দিব লগা হৈছে কৃষকে৷ বানে বিধ্বস্ত কৰিছে গোৰেশ্বৰৰ পশ্চিম নাওকাটাৰ বিস্তৃত কৃষিভূমি৷ সপোনৰ কৃষিভূমিত বানে ধুইছে আৰু পলশে পুতিছে৷ বানৰ সংহাৰে এতিয়া কৃষকক দিছে মাধমাৰ৷

পুনৰ সপোনৰ খেতিডৰা জীপালৰ চেষ্টা কৰিছে কৃষকসকলে। পলশে পুতি থোৱা কৃষিভূমিত পুনৰ ৰোৱনীয়ে ৰুইছে ভুঁই৷ শুকান পলসৰ পথাৰত আশাৰে নামিছে এইসকলে। সোণোৱালী পথাৰৰ সপোন ৰছি পুনৰ শাওণৰ পথাৰত কৃষকসকল৷ এতিয়া কৃষকৰ সপোনৰ পথাৰত পৰিছে ৰোৱনীৰ হাতৰ পৰশ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।