মৰাণঃ মৰাণ নগৰৰ মাজ-মজিয়াত থকা এক্সিছ বেংকৰ এটিএমত দুৰ্বৃত্তই চুৰ কৰিবলৈ লওঁতে আৰক্ষী তৎপৰতাত ৰক্ষা পৰে লক্ষাধিক টকা। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ট্ৰেফিক পইণ্টৰ সমীপৰ কানাই মেনচন মাৰ্কেটস্থিত এক্সিছ বেংকৰ এটিএমটো যোৱা নিশা দুৰ্বৃত্তই চুৰি কৰিবলৈ লওঁতেই মৰাণহাট থানাৰ হেড কনিষ্টবল জগত হাজৰিকাৰ নেতৃত্বত থকা পহৰাদাৰী দলে যোৱা নিশা ১ বাজি ৩০ মিনিট ত সন্দেহবশঃত উক্ত এটিএমলৈ লক্ষ্য কৰি আহোতে দুটা দুৰ্বৃত্তক দেখা পায়।
দুৰ্বৃত্ত দুটাই আৰক্ষীৰ উপস্থিতিৰ উমান পাই এটিএমটোৰ পৰা ওলাই কাষৰ তেল ডিপুত ৰখাই থোৱা এ এছ ০৬ ইউ-৯৯৫০ নম্বৰৰ মাৰুতী চুজুকি বেলেন' বাহনত উঠি ডিব্ৰুগড় অভিমুখে বিদ্যুৎ গতিৰে পলায়ন কৰে। আজি কিছুসময় পূৰ্বে মৰাণহাট আৰক্ষীয়ে বৰবৰুৱাৰ পৰা উক্ত বাহনখন জব্দ কৰিছে। আনহাতে মৰাণহাট আৰক্ষীয়ে এটিএমটো কাটি নিবলৈ অনা এটা অক্সিজেন আৰু এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পাইপ আৰু কিছু সজুলি উদ্ধাৰ কৰিছে।
উল্লেখ্য যে বিশেষ সুত্ৰে জানিব পৰা মতে চুৰি কাৰ্যত ব্যৱহৃত বাহনখন ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত দুৰ্গাপুৰ চাহ বাগিচাৰ বৰুৱাজান কোঁৱৰ গাঁৱৰ নিবাসী বিপিন বাগলাৰীৰ পুত্ৰ দিগন্ত বাগলাৰী। ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে ৭৩/১৯ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/৪২৭_৩৭৯/৫১১ ধাৰাত দুৰ্বৃত্তক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে। তদন্তৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।