জুইৰ পৰা কথপমি ৰক্ষা হাউলী নগৰ

 07/31/2019 - 17:58

হাউলীঃ বৰপেটা জিলাৰ হাউলী নগৰৰ চণ্ডী বৰুৱা স্মৃতি ভৱনৰ সন্মুখত থকা বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰত জুই লগাত ঠাইখনত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে চণ্ডী বৰুৱা ভৱনৰ সন্মুখত তথা বৰপেটা বাছ আস্থানত থকা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰত আজি দিনৰ ১.৪০ বজাত চৰ্ট ছাৰ্কিটৰ ফলত জুই লগাত নগৰখনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।

জুই লগাৰ দহ মিনিট পিছত ঘটনাস্থলীত হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে উপস্থিত হৈ বিশেষ তৎপৰতাৰে অগ্নি বাহিনীৰ জৰিয়তে জুই নুমুৱাবলৈ সক্ষম হয়। অসম আৰক্ষীৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।