বিলাসীপাৰাঃ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ গৌৰাং নৈত বুধবাৰে আবেলি এটি কণমানি শিশুয়ে গা ধুবলৈ গৈ নৈখনৰ প্ৰবল সোঁতত উটি যোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিবেশ সৃষ্টি হৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অবগত কৰাত আৰক্ষীয়ে এছডিআৰএফ বাহিনীক লগত লৈ ঘটনা স্থলিত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখে।
কিন্তু সন্ধিয়া হোৱাৰ পৰিপ্ৰেক্ষিতত কালি অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছিল যদিও আজি আকৌ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰাপ্ত খবৰ মতে বিলাসীপাৰা চহৰৰ ওচৰৰে বৰুৱাৰ যাৰৰ নূৰ আলমৰ ৭ বছৰীয়া কণমানি ছোৱালী ছুৱাপাতা গাঁৱৰ খলিলুৰ ৰহমানৰ ঘৰত আলহী খাবলৈ আহিছিল।
কিন্তু কপালৰ লিখন, ওচৰত থকা নৈত গা ধুবলৈ গৈ নৈৰ পানীত উটি গ’ল কণমানি ছোৱালী ছোৱানা বেগম। বৰ্তমানলৈকে শিশুটি উদ্ধাৰ হোৱা নাই যদিও অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ বাহিনীয়ে।