চেঙা সমষ্টিৰ পাঠিমাৰী গাঁৱত ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ প্ৰতিবাদ

 08/01/2019 - 14:24

নগৰবেৰাঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পাঠিমাৰী গাঁৱত একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। গাঁওখনৰ গাঁওবুঢ়া জামাল উদ্দিনক অঞ্চলটোৰ এটা দুষ্ট চক্ৰই মিছা অভিযোগত সাঙোৰ খুৱাই হাৰাশাস্তি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় শতাধিক লোকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে।

চাৰিটাকৈ লাটৰ দায়িত্বত থকা গাঁওবুঢ়া জামাল উদ্দিনে পাঠিমাৰী লাটৰ বান সাহায্য স্থানীয় মুখীয়াল ব্যক্তিক চমজাই দি অইন তিনিটা লাটৰ বান সাহায্য ল’বলৈ চেঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা অৱস্থাতে পাঠিমাৰী গাঁৱৰ একাংশ লোকে বান সাহায্য হৰলুকি কৰা বুলি অভিযোগ উত্থাপন কৰি কাছুমাৰা থানাত এজাহাৰ দাখিল কৰে।

ঘটনাটোত গাঁওবুঢ়া জামাল উদ্দিন জড়িত নথকাৰ পিছতো দুষ্ট চক্ৰটোৱে গাঁওবুঢ়াজনকো ঘটনাত জড়িত কৰে। এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে। নিৰ্দোষী গাঁওবুঢ়াজনক হাৰাশাস্তি নকৰিবলৈ ইতিমধ্যে পাঠিমাৰী ছাত্ৰ সন্থাৰ লগতে কেবাটাও সংগঠনে জিলা প্ৰশাসনক লিখিতভাৱে আবেদন জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.