বিজনীৰ সোণাপুৰত বন্যহস্তীৰ আক্ৰমণত মহিলা নিহত

 08/01/2019 - 14:33

বিজনীঃ চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁও ৪ নং বি সোণাপুৰত বুধবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা থিতাতে নিহত হয়। নিহত মহিলাগৰাকী ৰূপালী বসুমতাৰী (৪৮)। কৃষক আলুৰাম বসুমতাৰীৰ পত্নী ৰূপালী বসুমতাৰীয়ে বুধবাৰে নিশা ১১ মান বজাত চুবুৰীয়া জনক সূত্ৰধৰৰ ঘৰৰ পৰা ভাত খাই নিজ গৃহলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

পথৰ দাঁতিত কঁঠাল খাই থকা বন্য হস্তী এটাই মহিলাগৰাকীক আক্ৰমণ কৰাৰ ফলত ৰূপালী বসুমতাৰী থিতাতে নিহত হয়। বৃহস্পতিবাৰে পুৱা কৃষক আলুৰাম বসুমতাৰীৰ ঘৰত এক শোকাকুল পৰিৱেশ সৃষ্টি হয়। ইফালে বল্লামগুৰী উপ-আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মৃত্যুৰ সময়ত ৰূপালীয়ে স্বামী আলুৰাম বসুমতাৰী, চেন্নাইত কৰ্মৰত পুত্ৰ ৰিংখাং বসুমতাৰী (২০), নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ বীৰখাং বসুমতাৰী আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত কন্যা বিৰাণশ্ৰী বসুমতাৰীক ইহ সংসাৰত এৰি থৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।