নাজিৰাঃ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাক মহাবিদ্যালয়ৰ সমবায় সমিতিৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে গড়গাঁও মহাবিদ্যালয়ত কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলক লৈ চৰকাৰী পঞ্জীয়নভূক্ত গড়গাঁও মহাবিদ্যালয় সঞ্চয় আৰু ঋণদান সমবায় সমিতি নামৰ এক বিত্তীয় অনুষ্ঠান আছে।
বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি এই সমিতিখন পৰিচালনা হৈ আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি কোঁৱৰ উপাধিৰ অধ্যাপিকাগৰাকীয়ে সমবায় সমিতিখনৰ সম্পাদিকাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা বাৰ্ষিক সভা অনুষ্ঠিত নকৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে নিজৰ বেংক একাউণ্টলৈ ২০১৫-১৬, ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষত সমবায়ৰ প্ৰায় চৈধ্য লাখ টকা হস্তান্তৰ কৰাৰ তথ্য আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ টোকাত পোহৰলৈ আহে।
এই সন্দৰ্ভত সমবায় সমিতিখনৰ বৰ্তমানৰ বিষয়ববীয়াৰ পৰা জানিব পৰা মতে প্ৰাক্তন সম্পাদিকাগৰাকীক বিষয়টোৰ সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও অধ্যাপিকাগৰাকীয়ে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰি সমগ্ৰ বিষয়টোক প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হয়।
কিন্তু তেওঁৰ প্ৰত্যাহ্বান গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰি সমবায়খনৰ সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈহে নিৰ্দেশনা জাৰি কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অনুষ্ঠিত সাধাৰণ সভাই সম্পাদিকাগৰাকীয়ে অকৰ্তৃত্বশীলভাৱে নিজৰ একাউণ্টলৈ টকা হস্তান্তৰ কৰা বিষয়টো আলোচনা কৰি সমবায়খনৰ সঞ্চালক মণ্ডলীক সম্পাদিকাগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা ২৭ মে'ত প্ৰাক্তন সম্পাদিকাগৰাকীৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত শিমলুগুৰি আৰক্ষী থানাত ৭৬/২০১৯ নম্বৰত এক গোচৰ ৰুজু কৰি অনুসন্ধান চলাই ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬, ৪০৯ আৰু ৪২০ ধাৰাত বুধবাৰে সমবায় সমিতিখনৰ প্ৰাক্তন সম্পাদিকা তথা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপিকাগৰাকীক আটক কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।