খোৱাংঃ নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িবলৈ ধৰা ডিমৌ নদীৰ পানীয়ে খোৱাঙত বুৰাই পেলাইছে তিনিখনকৈ বিদ্যালয়। খোৱাং পিথুবৰ স্নাতক মহিলা মহাবিদ্যালয়, ঘনকান্ত গগৈ কনিষ্ঠ মহাবিদ্যালয় আৰু এখন মহিলা ক্ৰীড়া বিদ্যালয় সম্প্ৰতি বাঢ়নী পানীৰ কবলত। ফলত বিদ্যালয়কেইখনত সৃষ্টি হৈছে এক অচলাৱস্থা। ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীসকল বিদ্যালয়লৈ ভূঁৰ লৈ অহা-যোৱা কৰিব লগা হৈছে।
ডিমৌ নদীৰ নিচেই কাষতে অৱস্থিত বিদ্যালয়কেইখন প্ৰতি বছৰে পৰে নদীখনৰ বাঢ়নী পানীৰ কবলত পৰে। বিদ্যালয়কেইখনৰ চৌহদৰ লগতে অহা যোৱা কৰা পথকেইটাও বৰ্তমান পানীৰ তলত। বিপদসংকুলভাৱে কোনো মতে বিদ্যালয়লৈ গৈ শিক্ষাগ্ৰহণ কৰিছে ছাত্ৰীসকলে। ইফালে স্থানীয় জনপ্ৰতিনিধিসকলে বিদ্যালয়কেইখনৰ এই জটিল সমস্যাটোৰ বিষয়ে অৱগত হৈও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে বিদ্যালয়কেইখনৰ ছাত্ৰীসকলে। বিদ্যালয়কেইখনৰ চৌহদত ওখকৈ মাটি ভৰাই নিৰ্মাণ নকৰাৰ ফলতেই এই সমস্যা সৃষ্টি হ'বলৈ পাইছে। সেয়ে তেওঁলোকে স্থানীয় বিধায়কক ইয়াৰ এক ফলপ্ৰসূ কাৰ্যব্যৱস্থা ল’বলৈ দাবী জনাইছে।