পূজা-মিলাদেৰে সম্প্ৰীতি গঢ়ি দলগাঁৱত মুকলি হ’ল পঞ্চায়ত ভৱন

 08/02/2019 - 14:45

খাৰুপেটিয়াঃ এক সম্প্ৰীতিৰ নিদৰ্শনেৰে দলগাঁৱত মুকলি হ’ল এটি পঞ্চায়ত ভৱন৷ দৰঙৰ দলগাঁও পঞ্চায়তত ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ নামেৰে পঞ্চায়ত ভৱন এটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰে লালপুল জিলা পৰিষদৰ সদস্যা সোনপ্ৰভা শইকীয়াই৷ উল্লেখ্য যে ২০১০-১১ বৰ্ষত উক্ত ভৱনটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও ভৱনটো দীৰ্ঘদিন অৰ্ধনিৰ্মিত হৈ আছিল৷

বৰ্তমান পঞ্চায়ত সভাপতিৰ প্ৰচেষ্টাত সম্পূৰ্ণ হৈ উঠা পঞ্চায়ত ভৱনটো উদ্বোধন উপলক্ষে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ পঞ্চায়ত ভৱনটো মুকলি কৰা উপলক্ষে আজি ভৱনটোৰ এটা দিশত হিন্দু ধৰ্মীয় পূজা পাঠ আৰু আনটো দিশত ইছলাম ধৰ্মীয় মিলাদ অনুষ্ঠিত হোৱাত অঞ্চলটোত এটি সম্প্ৰীতিৰ বাৰ্তা বহন কৰাৰ লগতে ৰাইজৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।