শিৱসাগৰত পথ অৱৰোধ : শীঘ্ৰে বি জি ৰ'ডৰ মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ

 08/02/2019 - 17:23

নাজিৰাঃ শিৱসাগৰত সদা ব্যস্ততাপূৰ্ণ শিৱসাগৰ-সোণাৰী সংযোগী বি জি ৰ'ডৰ শীঘ্ৰে মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ২০১৮ বৰ্ষতে আধাৰশিলা স্থাপন কৰি কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজক আভুৱা ভাৰি পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে।

কিন্তু নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা চেৰেকাপাৰ পৰ্যন্ত পথছোৱাৰ মেৰামতি বা পুনৰ নিৰ্মাণ আজি পৰ্যন্ত নকৰাত স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে পথছোৱাই য'তে ত'তে বৃহৎ বৃহৎ পুখুৰীৰ ৰূপ ধাৰণ কৰাত সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা। যাৰ বাবেই আজি শতাধিক স্থানীয় পুৰুষ-মহিলাই পথটো অৱৰোধ কৰি পথছোৱা অতিশীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পিছত জিলা প্ৰশাসনৰ বিষয়া উপস্থিত হৈ স্থানীয় ৰাইজক অতিশীঘ্ৰে পথটোৰ মেৰামতিৰ প্ৰতিশ্ৰুতি দিয়াত অৱৰোধ কাৰ্যসূচীৰ সামৰণি পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।