বৰ তেজপুৰত দুৰ্ঘটনাঃ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ মৃত্যু

 08/03/2019 - 17:33

ছয়গাঁওঃ কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ বৰ তেজপুৰত আজি দিনৰ ১০-৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত এজন অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী যুৱক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে এএছ-১৮, ই-৯২৫১ নম্বৰৰ পালচাৰ বাইকখনেৰে গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল চায়েদ চাহদত হুছেইন(৩২) আৰু তাহেৰ আলী(২০)।

তেনে সময়তে গোৱালপাৰা অভিমুখে তীব্ৰ জোৰে আহি থকা আলট্ৰা বাছ এখনে বাইকখনক খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় জোৱানজন। স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত থকা তাহেৰ আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়। বিজয়নগৰ আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি মৃত হুছেইনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে বাছখন ধৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।