ধুলাত আঠ বছৰীয়া শিশুক ধৰ্ষণ যুৱকৰঃ সংকটজনক অৱস্থাত চিকিৎসাধীন

 08/03/2019 - 18:39

খাৰুপেটিয়াঃ এক জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰঙৰ ধুলাত। ২৮ জুলাইত ধুলা থানাৰ অন্তৰ্গত বলোগঢ়া গাঁৱৰ এগৰাকী ৮ বছৰীয়া শিশুক মামীয়েকৰ লগত ১/২ নং বৰুৱাঝাৰ গাঁৱৰ হালিমা বেগমৰ ঘৰলৈ ফুৰিবলৈ যায়। উক্ত দিনা হালিমা বেগমৰ জ্যেষ্ঠ পুত্ৰই শিশুটিক ফুচুলাই পুখুৰীৰ পাৰলৈ নি ধৰ্ষণ কৰে।

উক্ত জঘন্য কাণ্ডৰ ফলত অত্যধিক হাৰত ৰক্তক্ষৰণ হোৱা শিশুটিক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায়। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে শিশুটি। ঘটনা সম্পৰ্কে শিশুটিক পিতৃয়ে দৈপাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিভিন্ন অজুহাত দেখুৱাই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে একাংশ ৰাইজে। উপায়ন্তৰ হৈ ভুক্তভোগী শিশুটিৰ পিতৃয়ে ধুলা থানাত আন এখন এজাহাৰ দাখিল কৰে। শিশুটিয়ে আৰক্ষীৰ পৰা ন্যায় পাবনে? নে সাৰি যাব পাষণ্ড ধৰ্ষণকাৰী, ইয়াক লৈ ৰাইজৰ মাজত উথাপিত হৈছে প্ৰশ্ন৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।