বোকাজানত চাও লুং চুকাফা- ছেমচন সিং ইংতিৰ প্ৰতিমূৰ্তি উন্মোচন

 08/04/2019 - 14:02

কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ বোকাজানত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাও লুং চুকাফা আৰু কাৰ্বি আংলং জিলাৰ জন্মদাতা ছেমচন সিং ইংতিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে কাৰ্বি আংলং শায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰঙহাঙে। প্ৰতিমূৰ্তি উন্মোচনীত উপস্থিত থাকে স্থানীয় বিধায়ক নোমল মমিন, কাৰ্বি আংলং শায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰূপসিং টেৰণ, স্থানীয় কাৰ্য্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনৰ লগতে কাৰ্বি আংলং শায়ত্ব শাসিত পৰিষদৰ সদস্যসকল।

শনিবাৰে বোকাজানত দুগৰাকী মহান ব্যক্তিৰ প্ৰতিমূৰ্তি আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ লগতে নিজৰাপাৰ ফিচাৰিপাৰ সংযোগী পথতো মুকলি কৰে তুলিৰাম ৰঙহাঙে। উল্লেখযোগ্য যে এই দুইজনা আদৰ্শ ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপন কৰাক লৈ যথেষ্ট উৎসাহি হৈ পৰিছে বোকাজানবাসী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।