ৰাজহুৱা স্থানত ৰাইজৰ আশীৰ্বাদ লৈ এ আই ইউ ডি এফ-ৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

 03/29/2019 - 14:35

বৰপেটাঃ সমাগত লোকসভা নিৰ্বাচন। ৰাজনৈতিক কুচকাৱাজত ব্যস্ত সকলো। ৰাইজক মুহিবলৈ ন ন আখৰাৰে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ২৩ এপ্ৰিলত তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব লগা ৬নং বৰপেটা লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ-ৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম।

বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ কয় যে বিজেপি অসমত শংকিত হৈছে আৰু বিজেপিৰ নেতাসকলে এতিয়া যিকোনো কথাতে আবুল-তাবুল বকিবলৈ লৈছে। ৰাইজে এইবাৰ আৰু বিজেপিক বিশ্বাসত নলয়।

তেওঁ লগতে কয় যে অসমত বিজেপিক পৰাভূত কৰিবলৈ আৰু অসমীয়াৰ স্বাৰ্থত এ ইউ ডি এফে তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই তিনিটা সমষ্টিত এ ইউ ডি এফ-ৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি কয়। কংগ্ৰেছ আৰু এ ইউ ডি এফ-ৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছ দলৰ সৈতে এ ইউ ডি এফ-ৰ কোনো মিত্ৰতা হোৱা নাই। প্ৰাৰ্থীজনে সমষ্টিটোৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে ৰাস্তা ঘাট,বজাৰ আদি ৰাজহুৱা স্থানত ৰাইজৰ আশীৰ্বাদ লোৱা দেখা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।