দুলীয়াজানঃ নিজকে ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি লোন দিম বুলি টকা সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰাৰ লগতে ৰাইজে চুলি কাটি গৰু পিটন দিলে এটা প্ৰৱঞ্চকক। ঠিকনা টেঙাখাটৰ ভেকুলাজান গাঁৱৰ বিকাশ জ্যোতি বৰশইকীয়া নামৰ যুৱকজনে আজি কিছু দিনৰ পৰা নিজকে ষ্টেট বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি দুলীয়াজানৰ ইন্দ্ৰপুৰী, ডিৰিয়াল, ফাঁচীবজাৰ, কমলাবাৰী, ডেইলী বজাৰ আদি কৰি দুলীয়াজানৰ বিভিন্ন প্ৰান্তৰ সহজ সৰল খাটি খোৱা লোক সকলৰ পৰা ২ লাখকৈ কেচিচি লোন দিয়াৰ নামত ঠগ প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰিছিল কেইবালক্ষাধিক টকা।
কিন্তু লোন দিব নোৱাৰি আজি দিম কালি দিম বুলি কৈ থকাত ৰাইজৰ সন্দেহ হোৱাত বিকাশক ঘৰৰ পৰা মাতি আনি বান্ধি লৈ প্ৰহাৰ কৰাৰ লগতে চুলি কাটি দিয়ে প্ৰৱঞ্চকটোক। লগতে ৰাইজৰ জেৰাত প্ৰৱঞ্চক বিকাশৰ পৰা উদ্ধাৰ হয় ৰাইজে জমা দিয়া বহু সংখ্যক নথি পত্ৰ। ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা প্ৰৱঞ্চকটোক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে দুলীয়াজানৰ আৰক্ষীয়ে।