কাকপথাৰত নৃত্য-গীতৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচনী অনুষ্ঠান

 08/05/2019 - 15:42

কাকপথাৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ৪ আৰু ৫ আগষ্টত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত এলানি অসমীয়া আধুনিক গীত আৰু ভূপেন্দ্ৰ-জ্যোতি-বিষ্ণুু সংগীতৰ ওপৰত আধাৰিত সৃষ্টিশীল নৃত্যৰ বাচনি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

উক্ত বাচনি প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলক অহা ১৮, ১৯ আৰু ২০ অক্টোবৰত ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লগা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ কথা জানিবলৈ দিয়ে জিলা সমিতিৰ বিষয় ববীয়াই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।