বাক্সাৰ কালপানীত এবিএমছুৰ প্রতিবাদ

 08/05/2019 - 16:00

বাক্সাঃ আজি বাক্সা জিলাৰ কালপানীত এবিএমছুৰ শালবাৰী জিলা সমিতিৰ উদ্যোগত আৰু কালপানী আঞ্চলিক সমিতিৰ আৰু ৰাইজৰ সহযোগত পুনৰ প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অমান্য কৰি ৰাইজক এনআৰচিৰ নামত হাৰাহাস্তি বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদীসকলে অসম চৰকাৰ হাই হাই, প্রতীক হাজেলা মুৰ্দাবাদ, সর্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্লোগানেৰে কালপানীৰ আকাশ বতাহ কঁপাই তুলে৷ লগতে সোণতলিৰ দুৰ্ঘটনাত আহত হোৱা ব্যক্তিসকলক ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায় শালবাৰী জিলা সমিতি এবিএমছুৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।