গোলাঘাটৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী

 08/05/2019 - 16:16

গোলাঘাটঃ মহৎ লোকে কৈছিল শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ বিলাই। ঠিক তেনে এক ঘটনাই সংঘটিত হৈছে গোলাঘাটৰ এজন শিক্ষকৰ জীৱনত। জীৱনৰ সৰহ ভাগ সময় শিক্ষাৰ পোহৰ বিলাই বিলাই অৱশেষত সেই মমবাতিডালৰ দৰে এতিয়া গলিব ধৰিছে। গোলাঘাট গনক পুখুৰী শিঙৰাজানৰ এই শিক্ষকজনৰ নাম প্ৰাঞ্জল কুমাৰ কলিতা। জিলাখনৰ গনক পুখুৰী হাইস্কুলত ২০১০ চনৰ পৰাই এজন ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত হৈ আছে এইজন শিক্ষক।

কিন্তু এই শিক্ষকগৰাকীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। কাৰন এইগৰাকী শিক্ষকৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছে। বিগত ৭ মাহ ধৰি চিকিৎসা কৰি আহিছিল যদিও বৰ্তমান আৰ্থিক অভাৱত যিদৰে চিকিৎসা কৰিব লাগে সেইদৰে কৰিব পৰা নাই। ইফালে চিকিৎসাৰ নামত ঘৰৰ সকলো মাটি সম্প্ৰতি বিক্ৰী কৰি শেষ হৈছে। নাই কোনো চৰকাৰী সাহায্য।

স্থানীয় বিধায়কক আবেদন কৰাত মাত্ৰ ৫ হেজাৰ টকা আৰ্থিক সাহায্য হিচাপে আগবঢায়। উপায়বিহীন শিক্ষকগৰাকীৰ লগতে পৰিয়ালটোৰ চৰকাৰৰ প্ৰতি আহ্বান, চৰকাৰৰে যেন অকণমান সহায় কৰে এইজন শিক্ষকক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।