হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৃষক মুক্তিৰ ধৰ্ণা

 08/05/2019 - 16:30

লংকাঃ কাৰ্বি আংলং জিলাৰ সীমা নিৰ্ধাৰণৰ দাবীৰ লগতে আন কেইবাটাও দাবী পূৰণৰ দাবীত সোমবাৰে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৃষক মুক্তি সংগঠনে এক ধৰ্ণা কাৰ্যসূৰ্চী ৰুপায়ন কৰে। হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কেইবা শতাধিক সমৰ্থক, সদস্যই এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

পুৱা ১১ বজাৰ পকা ১ বজালৈকে ৰূপায়ন কৰা ধৰ্ণাৰ অন্তত সংগঠনটোৱে কাৰ্বি আংলং জিলাৰ স্থায়ী সীমা নিৰ্ধাৰণৰ দাবী জনোৱাৰ উপৰি হোজাই জিলাৰ চাৰ্কেবস্তিত কাৰ্বি প্ৰশাসনৰ উচ্ছেদ অভিযানৰ ফলত উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান, উচ্ছেদ অভিযানত মৃত্যু হোৱা কুলচোমা খাতুনৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী, মাটিৰ পট্টা প্ৰদানৰ দাবীৰ লগতে আন কেইবাটাও দাবী সম্বলিত এক স্মাৰকপত্ৰ হোজাইৰ উপায়ুক্তক প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।