গৰাখহনীয়াৰ কবলত চামগুৰিৰ ভুৰন্ধাৰ শ শ পৰিয়ালৰ

 08/05/2019 - 17:55

চামগুৰিঃ চামগুৰিৰ ভুৰন্ধাৰ বজাৰ গাঁও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি এটাৰ পিছত এটাকৈ পৰিয়ালৰ বাসগৃহ, চৰকাৰী বিদ্যালয় নিশ্চিহ্ন হৈছে চকুৰ সন্মুখতে। গৰাখহনীয়াৰ কবলত পৰি চাৰিশতকৈও অধিক পৰিয়ালে এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় ল’ব লগা হৈছে। দীৰ্ঘ দিন ধৰি গৰাখহনীয়াই তাণ্ডৱ চলাই থকা গাঁওখনৰ সমস্যা সমাধানৰ বাবে আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো বলিষ্ঠ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

আজিলৈকে কোনো জনপ্ৰতিনিধিয়েও গাঁওখন পৰিভ্ৰমণ কৰি গৰাখহনীয়াৰ সমস্যা সমাধানৰ চেষ্টা কৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে। লক্ষ্যণীয় কথা হ’ল গাঁওখনৰ দুৰ্দিনৰ সময়ত কোনো জনপ্ৰতিনিধিয়ে খবৰ লোৱা নাই যদিও নিৰ্বাচনৰ সময়ত কিন্ত জনপ্ৰতিনিধিৰ সোঁত বয় গাঁওখনলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।