হাউলীত স্বামীৰ হাতত পত্নী হত্যাত তীব্ৰ চাঞ্চল্য

 08/05/2019 - 18:08

হাউলীঃ বৰপেটা জিলাৰ হাউলীৰ ২ নং ৱাৰ্ডৰ আনন্দ বজাৰত স্বামীৰ দ্বাৰা পত্নীক হত্যা কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে হাউলী নগৰৰ ২ নং ৱাৰ্ডৰ গণেশ চৌধুৰীৰ পুত্ৰ ৰঞ্জন চৌধুৰীয়ে নিজৰ পত্নী প্ৰতিমা ঘোষক বিগত দুবছৰ পূৰ্বে বৰপেটাৰোড ২নং ৱাৰ্ডৰ শান্তি নগৰৰ জিতেন ঘোষৰ ছোৱালীক সামাজিকভাৱে বিয়া কৰাই আনিছিল|। কিন্তু বিয়া হোৱাৰ কিছুদিন পিছৰ পৰাই যৌতুকজনিত কাৰণত নিজ পত্নীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল।

ৰবিবাৰে নিশা সাধাৰণ কথাত কাজিয়াৰ সূত্ৰপাত ঘটাই গলত চেপি পত্নীক হত্যা কৰি ডিঙিত ফাঁচি লগাই নিজ কোঠাত ওলমাই থয়। আজি পুৱা আনুমানিক ৭ বজাত বৰপেটাৰোডৰ পিতৃগৃহত ঘটনা সম্পৰ্কে বিশেষ সূত্ৰে খবৰ পােৱাৰ লগে লগে ছোৱালীজনীৰ ভাতৃ জীৱন ঘোষে স্বামী গৃহত উপস্থিত হৈ হাউলী থানাৰ আৰক্ষীক খবৰ দিয়ে।

পিছত আৰক্ষীয়ে তাত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে উক্ত হত্যাকাৰী স্বামী ৰঞ্জন চৌধুৰীয়ে পৰকীয়া প্ৰেমৰ লগতো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি পত্নী প্ৰতিমা ঘোষ চৌধুৰীৰ লগত মাজে মাজে কাজিয়া সংঘটিত কৰি আহিছিল বুলি স্থানীয় ৰাইজৰ লগতে এজাহাৰ পত্ৰখনত কোৱা হৈছে। উক্ত ঘটনা সন্দৰ্ভত হাউলী আৰক্ষী থানাত স্বামী ৰঞ্জন চৌধুৰী সহ মুঠ ছয়জনৰ বিৰুদ্ধে ইতিমধ্যে ভাতৃ জীৱন ঘোষে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে স্বামী ৰঞ্জন চৌধুৰীক আটক কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।